প্ৰেমত পৰিছেনে আপুনি ?
আপুনি ক'লে আপুনি বাৰে বাৰে
বৰষুণৰ প্ৰেমত পৰে ।
বৰষুণত তিতি প্ৰশান্তি লভে।
মই শুনিলোঁ ।
আপুনি কি ভাবে আপুনি ক'ব
আৰু মই মানি লম !
জুলাই মাহৰ গা পুৰা ৰ'দৰ
পাছত আবেলিৰ বৰষুণজাক
সকলোৰে ভাল লাগিব পাৰে ।
একেবাৰে সৰল
ইয়াত জটিলতা নাই।
পুহমহীয়া ঠেঁটুৱে ধৰা জাৰত
বৰষুণ বাৰু আপোনাৰ ভাল লাগেনে?
বৰষুণত এবাৰ তিতি চাবলৈ
আপোনাৰ মন যায়নে ?
আপুনি বহেনে ৰ'দ পিঠিত লৈ
আপোনাৰ চোতালত ?
আপুনি নক'লেও মই জানো
তেতিয়া আপোনাৰ ৰ'দ ভাল লাগে ।
জুইৰ সেঁকৰ প্ৰেমত পৰে আপুনি ।
কি জানে ! আপুনি শুনিবলৈ
বেয়া পাব পাৰে ।
মানি ল'ব নিবিচাৰিব পাৰে ।
কিন্তু সঁচাটো এইয়াই
যে প্ৰয়োজনত সকলো ভাল লাগে ।
প্ৰয়োজনীয়তা হেৰুৱালে
সকলো বিৰক্তিকৰ হৈ পৰে ।
সকলোলৈ ক্ষোভ উপজে ।
এতিয়াও বাৰু আপুনি
ক'ব পাৰিবনে আপুনি
বৰষুণৰ প্ৰেমত পৰে ?
আপুনি সঁচাকৈয়ে বৰষুণৰ প্ৰেমত
পৰিব পাৰে
যদি এসপ্তাহ যোৰা জাগললৈ
আপোনাৰ খং নুঠে ।
যদি আপুনি পুহ মহীয়া জাৰতো
বৰষুণত তিতি ভাল পায় ।
আপুনি মানি লওঁক
প্ৰয়োজনীয়তাত যদি
আপুনি প্ৰেমত পৰিছে
আপুনি সঁচাই প্ৰেমত পৰিছে
সেয়া পোহৰেই হওঁক বা আন্ধাৰ
ৰ'দেই হওঁক বা বৰষুণ ।
axomia kobitar ek ntun hongjujon... val lagil
ReplyDeletehundor
ReplyDelete