প্ৰেমত পৰিছেনে আপুনি ?



আপুনি ক'লে ‌আপুনি‌ বাৰে বাৰে 
বৰষুণৰ প্ৰেমত পৰে ।
বৰষুণত তিতি প্ৰশান্তি লভে।
মই শুনিলোঁ ।‌
আপুনি কি ভাবে আপুনি ক'ব 
আৰু মই মানি লম !

জুলাই মাহৰ গা পুৰা ৰ'দৰ
পাছত আবেলিৰ বৰষুণজাক 
সকলোৰে ভাল লাগিব পাৰে‌ ।
একেবাৰে সৰল‌
ইয়াত ‌জটিলতা নাই।

পুহমহীয়া ঠেঁটুৱে ধৰা জাৰত
বৰষুণ বাৰু আপোনাৰ ভাল লাগেনে?
বৰষুণত এবাৰ তিতি চাবলৈ 
আপোনাৰ মন যায়নে ?
আপুনি বহেনে ৰ'দ পিঠিত লৈ 
আপোনাৰ চোতালত ?
আপুনি নক'লেও মই জানো
তেতিয়া আপোনাৰ ৰ'দ ভাল লাগে ।
জুইৰ সেঁকৰ প্ৰেমত পৰে আপুনি ।

কি জানে ! আপুনি শুনিবলৈ 
বেয়া পাব পাৰে ।
মানি ল'ব নিবিচাৰিব পাৰে ।
কিন্তু সঁচাটো এইয়াই 
যে প্ৰয়োজনত সকলো ভাল লাগে ।
প্ৰয়োজনীয়তা হেৰুৱালে 
সকলো বিৰক্তিকৰ হৈ পৰে‌ ।
সকলোলৈ ক্ষোভ উপজে ।

এতিয়াও বাৰু আপুনি 
ক'ব পাৰিবনে আপুনি 
বৰষুণৰ প্ৰেমত পৰে ?

আপুনি সঁচাকৈয়ে বৰষুণৰ প্ৰেমত
পৰিব পাৰে 
যদি এসপ্তাহ‌ যোৰা জাগললৈ 
আপোনাৰ খং নুঠে ।
যদি আপুনি পুহ মহীয়া জাৰতো
বৰষুণত তিতি ভাল পায় ।

আপুনি মানি লওঁক 
প্ৰয়োজনীয়তাত‌ যদি
আপুনি প্ৰেমত পৰিছে
আপুনি সঁচাই প্ৰেমত পৰিছে
সেয়া পোহৰেই হওঁক বা আন্ধাৰ
ৰ'দেই হওঁক বা বৰষুণ ।

                                           ঋতুপৰ্ণা দত্ত (যোৰহাট)



Comments

Post a Comment

Popular posts from this blog

সপোনৰ দুৱাৰ

তোমাক ভাল পাওঁ বাবেই

নাৱৰীয়া