বন্ধুত্বৰ পৰিধি
কোনোবাই মোক সুধিছিল
বন্ধুত্বৰ সংজ্ঞা কি?
পিছে মই মৌন হৈ ৰৈছিলো,
কাৰণ বন্ধুত্বৰ দৰে
বিশাল পৰিধিৰ সংজ্ঞা এটা
মই প্ৰকাশ কৰিব নোৱাৰোঁ,
যি সংজ্ঞাতেই লুকাই থাকে
জীৱনৰ সকলো মূহুৰ্তৰ
হাঁহি কান্দোন, সুখ বিষাদৰ
এক বা অনেক চিৰন্তন সংগী,
জীৱনৰ মান-সন্মান, গৌৰৱ-অপমানৰ
নিস্বাৰ্থবাদী সাক্ষী
সেয়াই হয়টো বন্ধুত্বৰ সংজ্ঞা।
যিসকলৰ পৰা মই
জীয়াই থকাৰ প্ৰেৰণা পাওঁ
সেই সকলেই মোৰ বন্ধু,
মোৰ বন্ধু বহুত,
পিতৃ-মাতৃ, গুৰু জেষ্ঠ জনৰ
পৰা আৰম্ভ কৰি
ফুটপাথৰ মগনিয়া জনো মোৰ বন্ধু,
নেদেখাজনৰ পৰা আৰম্ভ কৰি
প্ৰকৃতিৰ সমস্ত জীৱজগতো
মোৰ ভাল বন্ধু
কাৰণ প্ৰকৃতিৰ সকলো সম্ভাৰৰ পৰাই
মই জীয়াই থকাৰ প্ৰেৰণা পাও
যি প্ৰেৰণাই মোৰ জীৱনত
ইন্ধনৰ দৰে অৰিহণা যোগায়।
----000----000----
🤗💚
ReplyDeletenice 👌
ReplyDeleteসুন্দৰ
ReplyDelete