ক'ৰ পৰা আহিলি তই অচিন নাৱৰীয়া, ক'লৈ নো যাবি ভটিয়াই !! ক্ষন্তেক জিৰাই যা' মোৰ ঘাটতে অলপ পাবি তই জীৱনৰ জুৰনিৰ আধাৰ । মোৰ ঘাটৰ বায়ুৱে জুৰ পেলাব তোৰ ভাগৰুৱা হৃদয়ৰ যাযাবৰী নিশা, মোৰ ঘাটৰ পানীটুপিয়ে শাঁত পেলাব তোৰ ক্লান্ত হৃদয়ৰ অক্লান্ত তৃষা । আহিছ' চাগে কত ঘাট পাৰ হৈ লৈছেনে কোনোৱে তোৰ মনৰ খবৰ ? তোৰ পাহুৱাল দুবাহুত আছে চাগে কত দুখ অপূৰ্ণ বাসনাৰ !! আছে চাগে হুমুনিয়াহ নোপোৱা বেদনাৰ !! কৈ যা নাৱৰীয়া,চেনেহৰ লগৰীয়া শুনিম তোৰ দুখভৰা হৃদয়ৰ কথা, অথবা হিয়াভৰা মৰমৰ অযুত বতৰা । দুয়োটাই ভগাই লম সুখৰ অকণমান, দুয়োটাই ভগাই লম দুখৰো অকনমান, সুখ,দুখৰ কথাৰে দুয়োৰে ভৰিব মন । পাম তাতে জীৱনৰ সুখ অমিয়া । নাবান্ধো তোক মৰমৰ এনাজৰীৰে চিৰদিন ধৰি, নিবিচাৰো তোক কৰিবলৈ বুকুৰ আপোন, অচিনাকি তই ,অচিন বাটেৰে যাবিগৈ পুনৰ উভটি । ভটিয়নি সোঁতত তই চাগে উটুৱাই দিবি সেই স্মৃতি ঘাটে ঘাটে পাবি তই অলেখ লগৰী, সেই সোৱঁৰণি ৰাখি থম মোৰ মানস পটত, সাচিঁ থম জীৱনৰ শেষ সন্ধিয়ালৈ । কেতিয়াবা আহিলেও ধুমুহা জীৱনত সেই দুখৰীয়া স্মৃতিয়েই হ'ব মোৰ শান্তিৰ আলয় । ৰঞ্জুলা শৰ্মা ~~~~~~~~~~~~~~~~~~
হৃদয়ৰ অটল গহ্বৰৰ হাহাকাৰ যেন পতিত হয়। যিকি নহওঁক ভাল লাগিল কবিতাটি।
ReplyDelete