ভালপোৱা
ভালপোৱা
চকুপানী বোৰে অহৰ্নিশে তোমাকেই
বিচাৰে,
যিদিনাৰ পৰা তুমি আঁতৰি গ'লা !
ভালপোৱা বোৰ যিদিনা আহিছিল
মোৰ মন ফুলনিৰ ফুলবোৰে নতুনকৈ পাহি মেলিছিল,
জোনাকবোৰ বুকুত নতুনকৈ গজিছিল,
নৱ অংকুৰিত হৃদয়ৰ পাহে পাহে বগাইছিল কাজলি হৃদয়ৰ ছাঁ।
চৰাইৰ কাকলিয়ে মোৰ ৰাতিপুৱা বোৰ সজাইছিল,
আবেলিৰ ৰামধেনুৰ সেন্দুৰীয়া তুলিকাত আকিঁ লৈছিলো
ভালপোৱাৰ হেঙুলীয়া ছৱি।
নিশাবোৰে সিচিঁ দিয়া জোনাক বিভোৰ হৃদয়ত
ৰচিছিলো প্ৰতিশ্ৰুতিৰ অলেখ পৰাণ জুৰুৱা গীত
এতিয়াটো তুমি নাই,
ভালপোৱা বোৰো সেয়ে অহা বাটে গ'ল।
থৈ গ'লা মাথো মোৰ ৰিক্ত পৃথিৱীত সেন্দুৰীয়া কিছু যুগমীয়া স্মৃতি।
প্ৰতিশ্ৰুতিৰ প্ৰতিচ্ছবিখন অকলেই পৰি ৰ'ল।
তাকেই থৈছো সামৰি সুতৰি,
যতনেৰে এতিয়াও থৈছো আবৰি।
সুন্দৰ প্ৰকাশ
ReplyDelete