Posts

ৰাতিৰ কবিতা

Image
পুৱাৰ ৰ'দালিত লাহে লাহে অংকুৰিত হয়  এটি সোণোৱালী স্বপ্ন, ৰ'দ জিলমিল  স্ৰোতস্বিনী নদীৰ বুকুৰ ভটিয়নি সোঁতত  উঁটি-ভাঁহি যায় জীৱনৰ এটি এটি তৰঙ্গ, সূৰ্য্যাস্তৰ পাছতেই এন্ধাৰ নামিব লুকাই পৰিব দিনৰ সমস্ত বৈভৱ, এন্ধাৰ বিদ্ৰোহী মোৰ ৰাতিৰ কবিতাটি  জোনাকত উমলি থাকক । গীতালি মহন্ত । মৰিগাওঁ । ~~~~~~~~~~~~~~~~~~~~~~~

আশাৰ বতৰা

Image
আবেলিৰ বগলী উৰি যায় পাছে পাছে আনে ক'লা চন্দ্রমাৰ নিশা তৰাৰ তিৰবিৰণি, জোনৰ জিলিকণি পোহৰৰ তৰি যাই ৰেখা।  দিনত কৰি যোৱা ভাগৰ ৰাতি জুমুৰি দেখা দিয়ে চকুত জুইশালৰ জুইৰ তাপত উমাল হৈ উঠে বুকু। আঘোণৰ পথাৰৰ ধান  দাৱনীৰ কামৰ স'তে চোকা ৰ'দত বহি ৰবাব টেঙাৰ বাকলি গুছাই গুছাই আলীতে বহি চাই ভাৱে  ওলমাই নিয়া ঠোকৰ মুঠি টান। ভঁৰাল মচি মচি কোনেনো ভাৱে আজি ভঁৰালৰ ধূলি আৰু আঘোণৰ কুঁৱলীয়ে ঢাকি যাই মনৰ আশাৰ বাট। ঢাকি দিলেও আশাৰ বাটক তথাপিও নৰই খোঁজ শুৱনি প্রকৃতিৰ সুবাসত  আগবাঢ়ি যায় জীৱনৰ যুজ।  হ'লেও খেতি ভাল ওলাব তাতে পতান  যিমানেই নিদিয়া তুমি ওপচাই পলস,  সাধাৰণ চহাৰ কামৰ বোজাত  ওপচি পৰিলেও খেতি নালাগে ঠিত  নপৰে যিমানেই ঘাম মাটিত। আহিলেও বিহু, ৰাঙলী দিন আৰু আহিব কত উৎসৱ গীতি ভৰিলেও ভঁৰালৰ পৰাণ নমৰে জীৱনৰ অভাৱ দুচকুত ভাঁহে সুখৰ স্বপ্ন থাকে মুখত হাঁহি,বুকুত কান্দি। পলাই ফুৰিলেও দিনত দেখুৱালেও সুখ মুখত লুকাই থাকে দুচকুত চকু পানী। শ্যামল আৰন্ধৰা ----------------------

বনৰ চৰাই

Image
বনৰ শালিকা নিয়ৰৰ মুকুতা গছকি      কাহিলী পুৱাতে দিলিহি ভৰি মোৰ পদুলিত,          নিচেই কুমলীয়া পখী ক'ৰ পৰানো              আহিলি পঁজা হেৰুৱাই । নন্দন বনত নালাগে নাচি বাগি সুৰ তুলিব     মোৰেই বাগিছা শোভা কৰি থাক ।         পোক পৰুৱা বুটলি খাবি,              দেও দি নাচিবি মোৰ চোতালত । তোৰ চিকমিকিয়া কঁজলা পাখিত      চেনেহৰ মালা গাঁঠি,          হালধীয়া কোমল ওঁঠত মোৰ ভাষা দিম              মোৰ ছাঁটো হৈ থাকিবি নে তই বনৰ চৰাই ? তই পাহৰি পেলাবি বনৰ লগৰীক ,     তোৰ চিৰিক চিৰিক অবুজ ভাষাত          মায়াসনা দুচকুত বিচাৰিম             মই অন্য এখনি পৃথিৱী । মোৰ অনুভৱৰ তুলিকাত খোজ দিবি      থুপুক থাপাক কৈ,          শব্দ বিন্যাসত ভুমিকি মাৰিবি স্বৰ্ণপৰী হৈ ।         ...

ৰঙা গোলাপ পাহ

Image
       সৌ যে ৰঙা গোলাপ পাহ আমি লগপোৱাৰ প্ৰথমটো স্মৃতি  তোমাৰ বাৰু মনত আছে নে ? নৈ পাৰৰ উন্মনা বতাহ যাক । তোমাৰ হাতত হাত থৈ কহুৱা বোৰৰ মাজে মাজে মই যে  পখিলা খেদিছিলো, আৰু তুমি মোলৈ ৰʼলাগি  চাই আছিলা চকুৰ পতা নজপোৱাকৈ । ভাল লগা আছিল নহয়  তোমাৰ মোৰ একান্ত ব্যক্তিগত সময় বোৰ, মই তোমাৰ বুকুত  মূৰ থৈ উচুপি উঠিছিলো  তুমি কিন্তু মোক এৰি কেতিয়াও নাজাবা দেই বুলি কৈ । আৰু তুমি যে মোক শান্তনা দিবলৈ ৰঙা গোলাপ পাহ মোৰ দীঘল  বেনী দালত গুজি দিছিলা কপালত এটা মিঠা চুমা আকিঁ । ভাল লাগে জানা স্মৃতিবোৰ  সুৱঁৰি অনুভৱ বোৰৰ মনিকোঠাত তুমি গুজি দিয়া সৌ ৰঙা  গোলাপ পাহ আৰু বেছি ৰঙা  হৈ ফুলি উঠে ।।          পূজা শইকীয়া   ********************* 

নাজানিলোঁ

Image
মোৰ হৃদয়ৰ যে অসুখ বিজ্ঞাপন এটি দি নহ’ল আঁৰি দিয়া,  তুমিও নেদেখাটোৱে স্বাভাৱিক এইযে মিছলীয়া হাঁহিটো সিয়ে জগৰীয়া ৷ তোমালৈ বুলি মৌন ভাষাৰে লিখা কবিতাটি শেৱালিৰ লগতে তলসৰা হ’ল সূৰুযমুখীৰ দৰে চকুত চকু থবলৈ অপূৰ্ণ হৈয়ে ৰ’ল ৷ নাজানিলোঁ  প্ৰেমিক চৰাই হ’বও নাজানিলোঁ সময়বোৰ কুটি কুটি মিছাতে বোন্দাপৰ, সেউজীয়াবোৰ ক’ত হেৰুৱালোঁ ফাগুণ নহাকৈ নগ্ন হ’লোঁ ৷ সেউজীয়া হৈ থকাৰ মন্ত্ৰটি দিছিলে পিতাই হাতৰ মুঠিত বিশ্বাসেৰে গুপুতে, সেইটোও ধৰি ৰাখিব নাজানিলোঁ ৷ বোকা-পানী নগচকো বুলি কৃষকৰ ল’ৰাই বিদ্ৰোহ কৰিলে কেনেকৈ হ’ব, আমিতো সোণৰ চামুচ মুখত লৈ ৰূপৰ পালেঙত জন্মা নাই ৷ নাজানিলোঁ  আদৰ কৰিব নাজানিলোঁ নুবুজিলোঁ বসুন্ধৰাৰ আঁচলৰ উম ৷ উভতিম  পুনৰ উভতিম যদি সেউজীয়া হ’ব পাৰোঁ অপূৰ্ণ কবিতাটি পূৰ্ণ কৰি ৷ অমৰদীপ কলিতা  ~~~~~~~~~~~~~~~~~~

জোনাকৰ ছাঁ

Image
ফাগুনৰ এটি কোমল সন্ধিয়া মনত বা আছেনে তোমাৰ ! পলাশে আবিৰ সনা জোনালী হৃদয় মোৰ ল'লাহি আকোৱালি তোমাৰ বুকুৰ উমত । চেনেহৰ সেন্দুৰীয়া দলিচা বনত মোৰ সিঁচি দিলা সেউজীয়া গুটিমালী বোৰ ।। আকাশ নীলা বুকুৰ পথাৰ খনত দুয়ো মিলি সাজিছিলো এটি কণমানি পজাঁ । জোন সৰা জোনাকৰ কৃষ্ণচুড়া ৰঙে সজালেহি আমাৰ দুয়োখনি হিয়া ।। সচাঁ মিছা অভিমান খেলিলো কতনো খেল পাতিলো কিমান কথা জোনাকৰ পাৰতে ৰৈ। ৰুণজুণ নুপুৰেৰে জোনাকী জনীয়েও আহি  উজলাই তুলিছিল আমাৰ সৰু পজাঁ।। ৰংবোৰ গভীৰ হ'ল ৰাতিও গহীন হ'ল নামি আহিল এন্ধাৰৰ অমানিশাবোৰ । আচঁলত সাঁচি ৰখা মৰম জোনাকীটিও  এন্ধাৰৰ আঁৰ লৈ হঠাতে নোহোৱা হ'ল ।। বালিয়ৰি ধুমুহাই ভাঙি থৈ গ'ল  জোনাক আকলুৱা আমাৰ হিয়া পজাঁটি ।। তুমি আঁতৰি গ'লা ৰংবোৰো আঁতৰি গ'ল সজোৱা নহ'ল আৰু জীৱন সপোন বোৰ । যোৱাৰ পৰত নিদিলা এষাৰি মাত খং নে অভিমান নাজানিলো মই । ঠিকনা বিহীন হৈ সময় বালিত  পৰি ৰ'লো ৰূপহীন বালিচন্দা হৈ ।।  আছা যদি এতিয়াও জোনাকী বাটত ৰৈ হেঙুলীয়া আকাশৰ ৰামধেনু চাই । দেখিবা সদায়ে মোক   মৰম কহুঁৱা হৈ  বাট চাই আছো  মাথো জোনাকৰ ছাঁ হৈ ।। ৰঞ্জুলা শৰ্মা ----------%...

এটি অনুভৱ

Image
জোনাক নিশাটি  অকলে অকলে বহি তন্ময় হৈ চাইছো আকাশলৈ নিশা যিমানে গভীৰ হৈ আহে আকাশৰ বুকুত  জোনাকৰ নানা খেলৰ এক অপূৰ্ব দৃশ্য ! কবিৰ মনলৈ আহে শব্দৰ মুকুতা মালা । কিমান যে ৰোমাণ্টিক ভাবে আগুৰি লয় কবিৰ কাব্য কাননত । কত প্ৰেয়সীয়ে খিৰিকৰে চাই পঠিয়াই জোনাকলৈ মনৰ মাজত প্ৰিয়জনৰ  ছবি আঁকি আঁকি । আকৌ কতজনৰ দুখৰ বন্যাই আগুৰে উজাগৰী জোনাক নিশা ! হৃদয়ে যেতিয়া নুবুজে মৰমৰ গভীৰতা স্বপ্ননীল আকাশৰ জোনাকেও দিব নোৱাৰে সহাৰি উজাগৰী নিশাৰ । বিষাদে আগুৰি লয় স্নিগ্ধ জোনাকৰ পোহৰ ।। মন্দিৰা বৰুৱা ***********************

এটি সৰু সপোন আৰু মই

Image
                         এদিন আমাৰো সপোনবোৰ পূৰ হ'ব, এটি সৰু পঁজা আৰু এমোকোৰা হাঁহি, কষ্টবোৰ বুকুত থাকিব, আশাবোৰে মেলিব পাহী।  বয়স বাগৰিব বছৰৰ পাছত বছৰ।  ক'লা ডাৱৰ ছাতিয়ে মোহাৰি,  কৰিব চৌপাশ ধুসৰ।  সেই হেপাঁহেৰেই যাত্ৰা,  চেৰাশালিৰ পৰা মৰিশালিলৈ,  জীৱনত কৰাঁল বন্ধা,  বিফলতা ভৰা পাচিটো লৈ।  আপুনি টিতকাৰি মাৰিব,  কাৰণ একেবোৰ সপোনেই জীৱন জুখিব,  সফলতাই গজাঁলি মেলিব,  সময়ৰ বোকোচাত আশাবোৰ লিখিব।  কাৰোবাৰ বাবে পথ দূৰ্গম,  আৰু...  কাৰোবাৰ বাবে... সেই পথ হয় সুগম।                                পাপু শইকীয়া                                                                      ...

প্ৰেমিক চৰাই

Image
মানিছো আপুনি হাজাৰবাৰ প্ৰেমত পৰে । মানিছো প্ৰত্যেক বাৰেই এনেকুৱা লাগে যে প্ৰথমবাৰ প্ৰেমত পৰিছে । মানিছো উৰিবলৈ আকাশখন বিশাল  কিন্তু মনত ৰখা ভাল দিনৰ শেষত উভতিবলৈ  এটা নিৰ্দিষ্ট ঠিকনা লাগে । সাতঘাটত মন এৰি অহাৰ পৰিণতিত যদি নিষিদ্ধ হয় আপোনাৰ প্ৰৱেশ সেই নিদিৰ্ষ্ট ঠিকনাত ক'ত কাটিব আপোনাৰ শীতৰ সেমেকা ৰাতি । ঋতুপৰ্ণা দত্ত   -----------------------

হৃদয় মৰুভূমিৰ মৰিচিকা তুমি

Image
হঠাৎ..... এজাক বলিয়া বতাহে অজানিতে লৈ আহিল তোমাৰ বতৰা নুশুধো বুলিও শুধো তোমাক ভালে আছানে ? জানো  উত্তৰৰ সলনি আহিব কোনো বেপেৰুৱা শব্দৰ সমাহাৰ সেয়ে... আজিৰ পৰা নলওঁ আৰু তোমাৰ বাতৰি সদায় দিয়াৰ দৰে সন্ধিয়াৰ প্ৰাৰ্থনাত গুজি দিম এখিনি আশা মই কাষত নাথাকিলেও ঈশ্বৰ সদায় তোমাৰ সঙ্গত থাকিব মোৰ সভক্তিৰ প্ৰাৰ্থনাই  তোমাক বিপদৰ পৰা আজুৰি আনিব মোৰ আন্তৰিকতা ভৰা বিশ্বাসে সদায় তোমাৰ কুশল বাতৰি ল'ব । তুমি নিবিচাৰিলেও  মোৰ শুভকামনা সদায় তোমাৰ লগত থাকিব সেউজ বুলিয়া এটি ছাঁয়া হৈ আন্ধাৰ নিশাৰো সঙ্গী হ'ব ।                               দীপিকা গোহাঁই ফুকন -----------------------------